Local, Vocal, Global

Japanese Encephalitis : নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু

নিউজ ডেস্ক,২৭আগষ্ট : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ পাছতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।

বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis)।ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে এই ৰোগত আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

এইবাৰ নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী চৰাইদলনিৰ বীণা নেওগ বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। বিগত এমাহত নাৰায়ণপুৰত JEত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনৰ।

লগতে পঢ়ক : Champai Soren meets Amit Shah in Delhi : ৩০ আগষ্টত বিজেপিত যোগদান কৰিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেণ