Local, Vocal, Global

Japanese Encephalitis : চাপৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ;আক্ৰান্ত দুজনকৈ লোক

নিউজ ডেস্ক,১০জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ পাছতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।

বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis)।ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে এই ৰোগত আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

এইবাৰ চাপৰ জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । মাৰাত্মক এই ভাইৰাছত ইতিমধ্যে চাপৰ’ৰ বহলপুৰৰ দুজন লোক আক্ৰান্ত । যাক লৈ এতিয়া অঞ্চলজুৰি এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে শুকুৰবাৰে চাপৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা ভুক্তভোগীৰ ঘৰৰ তথা আশে পাশে ফগিং কৰিবলৈ যায় যদিও বিকল হৈ পৰে মেচিন। অৱশেষত শুক্ৰবাৰ আবেলি ধুবুৰী জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত লোক দুজনৰ ঘৰৰ চৌপাশে ফগিং কৰাৰ উপৰিও চাপৰৰ বিভিন্ন ঠাইত প্ৰতিৰোধক ধোঁৱা দিয়া পৰিলক্ষিত হয়।

চাপৰৰ ফগিং মেচিন টো এনে দুসময়ত কেতিয়া কাৰ্যকাৰী হৈ উঠিব সেয়া হয়তো সময়ে ক’ব। স্বাস্থ্য বিভাগে ৰাইজক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ঘৰৰ চৌপাশে চাফ চিখনকৈ ৰখাৰ লগতে আঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়(Japanese Encephalitis)।

লগতে পঢ়ক : Unidentified Body Found in Sonapur: মাগুৰচিলা – কলংপুৰ সংযোগী পথৰ পাহাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ