Japanese Encephalitis : নগাঁৱৰ বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছে আক্ৰান্ত হৈ মৃত্যু মহিলাৰ
নিউজ ডেস্ক,২৫জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।
নগাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে ।এইবাৰ নগাঁৱৰ বঢ়মপুৰৰ বেজৰগাঁৱত জাপানীজ এনকেফেলাইটিছে আক্ৰান্ত হৈ মৃত্যু ৭৬ বছৰীয়া মহিলাৰ।
JEত আক্ৰান্ত হৈছিল মাধৱী বেজবৰুৱা নামৰ মহিলাগৰাকী। এসপ্তাহ ধৰি GNRCত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ পাছতে মৃত্যু হয় মহিলাগৰাকীৰ।
লগতে পঢ়ক : Ganja Seized in Gossaigaon : গোসাইগাওঁ অসম বংগ সিমান্তৰ শ্ৰীৰামপুৰ গেটত জব্দ বুজন পৰিমাণৰ গাঞ্জা