Japanese Encephalitis : শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ
নিউজ ডেস্ক,১৩জুলাই : ৰাজ্যৰ জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত (Japanese Encephalitis) ।
শিৱসাগৰ জিলাত বিগত এটামাহ ধৰি বানৰ তাণ্ডৱৰ পিছতে জিলাখনত প্ৰাদুৰ্ভাৱ বিভিন্ন ৰোগৰ । শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে বহু লোক।
শিৱসাগৰ জিলা মেলেৰিয়া বিষয়া স্বাগতা দত্তই সাংবাদিকক জনোৱা অনুসৰি, বানপানীৰ পিছত গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত ডায়েৰিয়াকে ধৰি বিভিন্ন ৰোগ আৰম্ভ হৈছে । ইফালে কিন্তু বানপানীৰ পূৰ্বৰে পৰা সমগ্ৰ জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ। এই ৰোগত বৰ্তমানলৈকে ১৪ জন লোক আক্ৰান্ত হৈছে। তাৰে ভিতৰত ইতিমধ্যে ৩ জন ৰোগীৰ মৃত্যু হৈছে।
জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিয়ে সৰ্বসাধাৰণ জনসাধৰণক উদ্বিগ্ন কৰি তুলিছে ।
জাপানীজ এনকেফেলাইটিছ ৰোগে যাতে জিলাখনত অধিক সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰবাবে আঠুৱা ঔষধিকৰণকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ ব্যৱস্থা মেলেৰিয়া বিভাগে গ্ৰহণ কৰিছে।
লগতে পঢ়ক : Prominent social activist Ram panging passes away : চিলাপথাৰ ডিমৌৰ বিশিষ্ট সমাজকৰ্মী ৰাম পাংগিংৰ দেহাৱসান