Local, Vocal, Global

Japanese Encephaliti : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লোক আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

বৰ্তমান GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু হয় । ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালকৈ মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ ৰোগীৰ সংখ্যাও বৃদ্ধি GMCHত । মেলেৰিয়াত আক্ৰান্ত ১১০ গৰাকী, ডেংগুত আক্ৰান্ত ১৯ গৰাকী ৰোগী। মেলেৰিয়াত বৰ্তমানলৈ ২৬ গৰাকীৰ মৃত্যু, ডেংগুত মৃত্যু দুগৰাকীৰ।

লগতে পঢ়ক : Three members of family killed in Gujarat building collapse : গুজৰাটৰ দ্বাৰকাত ভাঙি পৰিল ৩ মহলীয়া অট্টালিকা;নিহত এগৰাকী বৃদ্ধা আৰু তেওঁৰ দুগৰাকী নাতিনীয়েক