Local, Vocal, Global

Nobel Peace Prize 2024:২০২৪ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা;জাপানৰ সংগঠন নিহন হিডানকিঅ’ক শান্তিৰ নবেল বঁটা

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪অক্টোবৰ : ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা(Nobel Peace Prize 2024)। এইবাৰৰ শান্তিৰ ন’বেল বঁটা জাপানৰ স্বেচ্ছাসেৱী সংগঠন নিহোন হিদানকীঅ’লৈ আগবঢ়োৱা হৈছে। ন’ৰৱে’ৰ শান্তিৰ ন’বেল বঁটা কমিটীয়ে পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱী গঢ়াৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে সংস্থাটোলৈ এই সন্মান আগবঢ়াইছে।

উল্লেখযোগ্য যে, সংস্থাটোৱে হিৰোশ্বিমা-নাগাছাকিৰ পাৰমাণৱিক বোমা-বিস্ফোৰণৰ ভুক্তভোগীসকলৰ সৈতে অহৰহ কাম কৰিছিল। ভয়াৱহ স্মৃতিৰ সাক্ষী এই লোকসকৰ এই সংস্থাটোৱে পাৰমাণৱিক অস্ত্ৰৰ বিৰুদ্ধে নিৰন্তৰ মাত মাতি আহিছে। সংস্থাটোৰ উদ্দেশ্য হৈছে বিশ্বত কেতিয়াও, কোনেও যাতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰক।

সংস্থাটোলৈ শান্তিৰ নোবেল প্ৰদান কৰাৰ কথা ঘোষণা কৰি নোবেল কমিটীৰ অধ্যক্ষ জুৰ্জেন ৱাটনে ফ্ৰাইডনেছে কয় যে, পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰাৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰখাৰ বাবে সংগঠনটোক ২০২৪ চনৰ এই বঁটা প্ৰদান কৰা হৈছে(Japanese atomic bomb survivors’ group Nihon Hidankyo awarded 2024 Nobel Peace Prize)।

১৯৪৫ চনৰ আগষ্ট মাহৰ পাৰমাণৱিক বোমা আক্ৰমণৰ পিছত বিশ্বব্যাপী আন্দোলনৰ গঢ়ি তুলিছিল সংস্থাটোৱে। সংস্থাটোৰ হেঁচাৰ বাবেই শক্তিশালী আন্তৰ্জাতিক নিয়ম গঢ়ি উঠে। পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নৈতিকভাৱে গ্ৰহণযোগ্য নহয় এই কথা এতিয়া বিশ্বই মানি লৈছে।

নৰৱেৰ নোবেল কমিটীয়ে স্বীকাৰ যে প্ৰায় ৮০ বছৰত কোনো নিহোন হিডানকিঅ'(Japanese organization Nihon Hidankyo) আৰু হিবাকুশাৰ অন্যান্য প্ৰতিনিধিসকলৰ প্ৰচেষ্টাই পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।

লগতে পঢ়ক :Hezbollah drone attack kills 4 Israeli soldiers : ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাহৰ;নিহত ৪ আইডিএফ জোৱান