Local, Vocal, Global

WATCH | Jamugurihat Theft: দোকানৰ তলা ভাঙি চোৰে লুটি নিলে মোবাইল ফোন আৰু নগদ ধন

জামুগুৰিহাট,২৯মে’ : ৰঙাপৰাত চুৰিকাণ্ড ৷ দোকানৰ তলা ভাঙি চোৰে লুটি নিলে মোবাইল ফোন আৰু নগদ ধন ৷

ৰঙাপৰা চহৰৰ ৯ নং ৱাৰ্ডত থকা ‘তৃশা’ নামৰ ম’বাইল ফোনৰ দোকানখনত চোৰে চলাই লুটপাট। দুৱাৰৰ তলা ভাঙি দোকান খনৰ ভিতৰত প্ৰৱেশ কৰি চোৰে এটা নতুন ম’বাইল ফোন, ১২-১৩ টা পুৰণি ম’বাইল ফোন আৰু দোকানত থকা নগদ প্ৰায় ৩০-৪০ টকা চুৰি কৰি লৈ যায়(Jamugurihat Theft)।

ৰঙাপৰা চহৰখনত আৰক্ষীৰ নিয়মীয়া তালাচী আৰু নৈশ পহৰাৰ ব্যৱস্থা থকাৰ পাছতো চহৰখনত প্ৰায়েই চুৰি কাণ্ড সংঘটিত হৈ অহাত ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে।

লগতে পঢ়ক :WATCH | Drinking Water Issue: ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি