Local, Vocal, Global

WATCH | Jamugurihat Theft: জামুগুৰিহাটত দিন দুপৰতে চুৰিকাণ্ড

জামুগুৰিহাট,৬মে’ : জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা৷ এটাৰ পিছত সংঘটিত আনটো চুৰিকাণ্ডই এতিয়া যেন দিনতে নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ৷ আজিও জামুগুৰিহাটৰ মধুপুৰ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড(Jamugurihat Theft)৷

গাঁৱখনৰ দুৰ্গেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহত মাত্ৰ ১০ মিনিটৰ বাবে কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে লুটি নিলে কেবা লক্ষাধিক টকাৰ সোঁণৰ আ অলংকাৰৰ লগতে নগদ ধন ৷ দুৰ্বৃত্তৰ দলে ঘৰৰ খিড়িকীয়েদি ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ লকাৰ ভাঙি লুটি নিয়ে প্ৰায় চাৰি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৯ হাজাৰ টকা৷ ঘৰখনৰ গৃহিনী মাত্ৰ ১০ মিনিটৰ বাবে কাষৰীয়া নামঘৰলৈ বুলি ওলাই যাওতেই দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই চুৰিকাণ্ড৷

মন কৰিবলগীয়া যে জামুগুৰি আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি অঞ্চলটোৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’বলৈ ধৰা এনে চুৰিকাণ্ডই এতিয়া চিন্তিত কৰি তুলি সৰ্বসাধাৰণ ৰাইজক৷ চুৰিকাণ্ডৰ ঘটনাসমুহক লৈ আৰক্ষীক কঠোৰ হোৱাৰো আহবান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : WATCH | Cachar News : কাছাৰৰ গুমড়া বজাৰ মছজিদৰ দান বাকচ চুৰি, চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য