WATCH | Jamugurihat Theft: জামুগুৰিহাটত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস
জামুগুৰিহাট,৫এপ্ৰিল : জামুগুৰিহাটত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস।
মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিলে চেইন(Jamugurihat Theft)৷
গেৰেকীচুক গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷
ওপৰকুৰি গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী শেৱালী ফুকনৰ লগত সংঘটিত হৈছে এই ঘটনাটো ৷
অংগনৱাড়ী কেন্দ্ৰৰ পৰা ঘৰলৈ বুলি খোজকাঢ়ি আহি থকা অৱস্থাত দুই চিলনী চোৰে মহিলাগৰাকীৰ লগত সংঘটিত কৰে এই ঘটনাটো ৷
সৌভাগ্যক্ৰমে মহিলাগৰাকীৰ চেইনডাল আৰু হাতৰ খাড়ুপাত সোণৰ নাছিল বাবে ৰক্ষা পৰে ৷
দিনদুপৰতে চিলনী চোৰৰ এনে সন্ত্ৰাসে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত ৷
লগতে পঢ়ক : WATCH | Ashokashtami : আজি পবিত্ৰ অশোকাষ্টমী