WATCH | Jamugurihat Theft: ৰঙাপৰাৰ পাগলাবিলৰ পৰা চুৰি হোৱা পাম্প মেচিনসহ চোৰ আটক

জামুগুৰিহাট,১০ মাৰ্চ : ৰঙাপৰাৰ পাগলাবিলৰ পৰা চুৰি হোৱা পাম্প মেচিনসহ চোৰ আটক ৷
ৰঙাপৰাৰ পাগলাবিল অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা এজন গভাইত চোকৰ আটক ৷ পাগলাবিলৰ কৃষক গোপাল কিষানে নিজৰ তৰমুজ খেতিত পানীৰ দিবলৈ এটি পাম্প মেচিন ভাড়ালৈ আনিছিল ৷ কিন্তু দেওবাৰে পাগলাবিলৰ চুকৰা খেৰীয়া নামৰ চোৰটোৱে পাম্প মেচিনটো চুৰি কৰি লৈ যায়(Jamugurihat Theft)৷
চুৰি কৰা পাম্প মেচিনটো চুকৰা খেৰীয়াই বিক্ৰী কৰিবলৈ ৰঙাপৰাৰ এখন দোকানলৈ অনাৰ সময়তে দোকানৰ মালিকে চোৰটোক ধৰি ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে ৷ চুকৰা খেৰীয়াই অঞ্চলটোৰ পৰা বহু পাম্প মেচিনৰ লগতে সা-সামগ্ৰী চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল