Local, Vocal, Global

Jamugurihat Road Accident: ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে জামুগুৰিহাটত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ৰাজ্যত ভোগালী বিহুৰ আনন্দ-উল্লাস। ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। শোণিতপুৰৰ জামুগুৰিহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এখন Alto K-10 আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত গুৰুতৰভাৱে আহত দুজনকৈ লোক(Jamugurihat Road Accident) ।

জানিব পৰা মতে, জামুগুৰিহাটত আগ্ৰিপামৰ তেল ডিপোৰ সন্মুখৰ পথত এখন Alto K-10 আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত হয় ফলত দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Road Accident)।

এই ভংয়কৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

এই পথ দুৰ্ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ মতে, ভোগালীৰ আনন্দ-উল্লাসত মতলীয়া হৈ AS-12-AH-2789 নম্বৰৰ Alto k-10 বাহনখনৰ চালকে তীব্ৰ বেগত গাড়ী চলাই আহি ডাম্পাৰ খনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ডাম্পাৰ খনৰ চালকে গাড়ীসহ জামুগুৰি আৰক্ষী থানাত হাজিৰ হয় ৷ ALTO বাহনখনত সুৰাপান কৰি চলোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আৰক্ষীয়ে জব্দকৃত বাহনখনৰ পৰা সুৰাৰ বটল উদ্ধাৰ কৰে ৷ আহত লোককেইজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ বিষয়ে সবিশেষ জানিব পৰা যাব।

লগতে পঢ়ক :Passenger Assaults IndiGo Pilot Over Flight Delay : ইণ্ডিগ’ বিমানৰ পাইলটক প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল