Jamugurihat Republic Day preparation:জামুগুৰিহাটত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
২৫ জানুৱাৰী ২০২৫,জামুগুৰিহাট:গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন । শোনিতপুৰ জিলাৰ নদুৱাৰত ৭৬ তম গণৰাজ্য দিৱস উদযাপনৰ চলিছে ব্যাপক প্ৰস্তুতি ৷ নদুৱাৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনৰ কাষৰ কেন্দ্ৰীয় ব’হাগী মেলা বাকৰিত নদুৱাৰ সম জিলা প্ৰশাসনৰ উদ্যোগত গনৰাজ্য দিৱসৰ এই ব্যাপক আয়োজন চলিছে । নদুৱাৰ সমজিলা গঠন হোৱাৰ পিছত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া গনৰাজ্য দিৱসৰ অনুষ্ঠানটোত অসম আৰক্ষীৰ ১২ নং বেটেলিয়নৰ ওপৰিও অঞ্চলটোৰ বিদ্যালয় ,মহাবিদ্যালয়,এনচিচি আদিকে ধৰি আন কেইবাটা দলেও গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব । তাৰ লগতে টাইকোৱাণ্ডো, উশ্বু আদি খেলৰ প্ৰদৰ্শনৰ ওপৰিও নৃত্য গীতৰ অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ গণৰাজ্য দিৱসৰ দিনটোত যাতে কোনোধৰণৰ কূটাঘাতমুলক কাৰ্য্য সংঘটিত নহয় তাৰ প্ৰতিও আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে বুলিও সমজিলা আয়ুক্ত ৰাজ বৰুৱাই জানিবলৈ দিছে ৷