Local, Vocal, Global

WATCH | Jamugurihat Protest : ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত শ্ৰমিক ৰাইজৰ প্ৰতিবাদ

জামুগুৰিহাট,১৪জুন : শোনিতপুৰৰ ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত আজি শ্ৰমিক ৰাইজে উৎকট গৰমৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰে। চাহ বাগিচাখনৰ দৈনিক কামলৈ অহা একাংশ মহিলা শ্ৰমিকক পলমকৈ অহাৰ অজুহাতত কৰ্তৃপক্ষই ওভতাই পঠোৱাকলৈ ক্ষুব্ধ হৈ পৰে শ্ৰমিক ৰাইজ।

শ্ৰমিকসকলক বাগিচাৰ পৰিচালকজনে কৰা ব্যৱহাৰত ক্ষোভিত হৈ পৰে শ্ৰমিক ৰাইজ( Jamugurihat Protest)। ইয়াৰ পাছতে বাগিচাখনৰ পুৰুষ-মহিলা সকলে বাগিচাৰ কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশুদ্ধ খোৱা পানীৰ নামত চাহ শ্ৰমিক ৰাইজে বৰবিহ সেৱন কৰিবলগীয়া হৈছে বুলিও অভিযোগ কৰে।

চাহ বাগিচাখনত চলি থকা বিভিন্ন সমস্যাৰ বিষয়ে শ্ৰমিকসকলে সংবাদ মাধ্যমক অৱগত কৰে। অনতিপলমে যদি চাহ শ্ৰমিক ৰাইজৰ সমস্যাসমূহ সমাধান নহয়, তেন্তে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ আয়োজন