WATCH | Jamugurihat News : জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱত কৈৱৰ্ত্ত মহিলা সভা অসমৰ বৃহৎ সভা সম্পন্ন
জামুগুৰিহাট,২৭মে’ : জামুগুৰিহাটৰ তৌভঙা নবিল গাঁওৰ নাম ঘৰত আজি কৈৱৰ্ত্ত মহিলা সভা অসমৰ এখন বৃহৎ সভা অনুষ্ঠিত হয়৷ কৈৱৰ্ত্ত মহিলা সভাৰ কেন্দ্ৰীয় সভানেত্ৰী ৰূপালী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আত ধৰে কেন্দ্ৰীয় সংগঠনিক সম্পাদিকা সোঁণালী দাস ভঢ়ালীয়ে৷
কৈৱৰ্ত্ত মহিলা সভা অসমৰ দ্বাৰা জামুগুৰিহাটৰ নবিল গাঁৱৰ সৰবৰহি মহিলা সমাজকৰ্মী প্ৰয়াত অমিনা দাসৰ নামত উৎসৰ্গা কৰি সতী ৰাধিকা দিৱস উপলক্ষে প্ৰকাশিত তেজস্বিনী নামৰ মূখপত্ৰ খনি আজিৰ সভাতেই কৈৱৰ্ত্ত মহিলা সভাই প্ৰয়াত অমিনা দাস ৰ পৰিয়াল বৰ্গৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে৷সভাত পৰিয়াটিৰ অন্যতম সদস্য তথা সুযোগ্য পুত্ৰ বিশিষ্ট সমাজকৰ্মী উত্তম দাসক কৈৱৰ্ত্ত মহিলা সভা অসমৰ তৰফৰ পৰা ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনাও জ্ঞাপন কৰা হয়(Jamugurihat News)।
বৃহৎ সভাই কৈৱৰ্ত্ত মহিলা সভাৰ নবিল শাখাৰ ২১ জনীয়া এখনি নতুন সমিতি গঠন কৰি কুসুম দাসক সভানেত্ৰী আৰু ৰীণা দাসক সম্পাদিকা হিচাবে সৰ্ব্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰি দ্বায়িত্বভাৰ অৰ্পন কৰে। গুৰুত্বপূৰ্ণ সভাখনিত কেন্দ্ৰীয় সহ:সম্পাদিকা বন্তি হাজৰিকা আৰু সাংস্কৃতিক সম্পাদিকা জ্যোতিমনি দাস ৰ লগতে স্থানীয় আইমাতৃ যুৱতী সকলেও অংশগ্ৰহণ কৰে৷
লগতে পঢ়ক : WATCH | Sonari News : অসম অনুসূচিত জাতি পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সংবাদ মেল