WATCH | Jamugurihat News: জামুগুৰিহাটৰ উত্তৰছিলাবন্ধা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান
জামুগুৰিহাট,২৫মে’ : জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ সদস্য অংকুৰ হাজৰিকাৰ বাসভৱনত আজি পুৱা ১১ বজাত অনুষ্ঠিত হয় প্ৰধান মন্ত্ৰীৰ ‘মন কী বাত অনুষ্ঠান’ ৷ গাঁওপঞ্চায়তটিৰ পানীগাওঁ ক’ শাখাৰ ১০১ নং বুথ কমিটিৰ সদস্য সকলে অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ মনকি বাত অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বৰ্ষিয়ান সমাজকৰ্মী উপেন হাজৰিকাই(Jamugurihat News)।
অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে গাঁওপঞ্চায়ত পৰ্য্যবেক্ষক নেত্ৰৰঞ্জন দাসে৷ ‘মন কী বাত’ অনুষ্ঠানৰ পিছতে কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীৰ লগতে নৱ নিৰ্বচিত পঞ্চায়ত প্ৰতিনিধি তথা উত্তৰছিলাবন্ধা গাঁওপঞ্চায়তৰ আঞ্চলিক সদস্য মামনি (বৰা) শইকীয়া,সদস্য অংকুৰ হাজৰিকা,ক’ শখাৰ সহ: সম্পাদক ওছমান আলি,সভাপতি নোমল শইকীয়া আদিৰ অংশগ্ৰহণেৰে আয়োজন কৰা ত্ৰিৰংগা যাত্ৰাৰ নেতৃত্ব দিয়ে পৰ্য্যবেক্ষ নেত্ৰৰঞ্জন দাস আৰু জ্যেষ্ঠ বিজেপি নেতা বুলু আহমেদে ৷
শোভা যাত্ৰাকাৰী সকলে হাতে হাতে তিৰংগা পতাকালৈ ’বন্দে মাতৰম’,ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ,আদি শ্লগান দি অঞ্চলটো পৰিভ্ৰমণ কৰে ৷
লগতে পঢ়ক : WATCH | Ripun Bora : ‘২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে’