WATCH | Jamugurihat News: চকীঘাট দলঙৰ বৈদ্যুতিক তাঁৰ চুৰি কৰি হাতে লোটে গ্ৰেপ্তাৰ গভাইত চোৰ
জামুগুৰিহাট,১৭মে’ : জামুগুৰিহাটত আৰক্ষীৰ জালত ৬ টাকৈ গভাইট চোৰ। আঞ্চলটোৰ জীয়া ভৰলী নদীৰ ওপৰত থকা চকীঘাট দলঙৰ বৈদ্যুতিক তাঁৰ চুৰি কৰি হাতে লোটে গ্ৰেপ্তাৰ হয় গভাইত চোৰ কেইটা(Jamugurihat News)৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হ’ল আব্দুল হুছেইন, ফাইজুল হক, নুৰুল হক,আব্বু বক্কৰ চিদ্দিক,জাকিৰ হুছেইন আৰু জহৰউদ্দিন। ধৃত চোৰ কেইটাৰ ঘৰ পাঁচ মাইল অঞ্চলৰ বিহিয়া গাঁৱত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চোৰ কেইটাক তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : Watch | Hajo news: ২০২৪ চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা হাজো ষ্টেডিয়ামখন আজিও খেলৰ বাবে হৈ আছে অনুপযোগী