Local, Vocal, Global

WATCH | Jamugurihat News : শোণিতপুৰত প্ৰৱঞ্চকে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত ধন লুটাৰ অভিযোগ

জামুগুৰিহাট,১৪মে’ : এইবাৰ প্ৰৱঞ্চনাৰ নতুন কৌশল। খণ্ড উন্নয়ন কার্য্যালয়ৰ নামত প্ৰৱঞ্চকে লুটি নিলে ১৫০০০ টকা। শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এই ঘটনা। নদুৱাৰ সমষ্টিৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উদমাৰী গাঁৱৰ এজন দৰিদ্ৰ লোকৰ পৰা প্ৰৱঞ্চকে লুটি নিলে ১৫০০০ টকা(Jamugurihat News)।

উল্লেখ্য যে, উদমাৰী গাঁৱৰ এইজন লোকে লাভ কৰিছিল প্ৰধান মন্ত্ৰীৰ আবাস গৃহ আৰু গৃহটো সম্পূৰ্ণ হ’বলৈ বাকী থকাৰ আগ মুহূৰ্ত্তত এজনক প্ৰৱঞ্চকে বালিপৰা খণ্ড উন্নয়ন বিষয়াৰ কার্যলয়ৰ পৰা অহা বুলি জানিবলৈ দি টিনপাট আনিব লাগে বুলি কৈ লুটি নিলে ১৫০০০ টকা । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভুগী পৰিয়ালটোৱে চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

লগতে পঢ়ক : WATCH | Road Accident : স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ