WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিলত শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ মুল তোৰন উন্মোচনী অনুষ্ঠান সম্পন্ন
জামুগুৰিহাট,১৩মে’ : জামুগুৰিহাটৰ ধলাইবিলত শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ মূল প্ৰৱেশ দ্বাৰৰ তোৰন খনি সোমবাৰে শুভ উন্মোচন কৰে শ্ৰীশ্ৰী চামুগুৰি সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱ মহন্তই ৷ উন্মোচক গৰাকীয়ে বন্তি প্ৰজ্বলনেৰে মুক্তি যোদ্ধা গৰাকী স্মৃতিচাৰন কৰে৷ চতিয়াৰ মুক্তিযোদ্ধা প্ৰয়াত গুণধৰ হাজৰিকাৰ সোঁৱৰনত তেখেতৰ পত্নী বৰ্ষীয়ান মহিলা সমাজকৰ্মী ৰামেশ্বৰী হাজৰিকাৰ দ্বৰা ধলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱৰ সেৱাশ্ৰমৰ প্ৰতি দান সূত্ৰে আগবঢ়োৱা এই আটক ধুনীয়া তোৰন খনিৰ উদ্ধোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মুক্তি যোদ্ধা গৰাকীৰ সুযোগ্য সন্তান তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পিতৃৰ কৰ্মৰাজি জীৱন বৃত্তান্ত সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে (Jamugurihat News)।
সম্পুৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ মূল তোৰন খনিৰ উন্মোচনৰ কাৰ্য্যসূচী সমুহত অংশগ্ৰহণ কৰি দাতা তথা বিধায়ক গৰাকীৰ মাতৃ বৰ্ষিয়ান মহিলা সমাজকৰ্মী ৰামেশ্বৰী হাজৰিকাই তোৰনৰ উন্মোচক সত্ৰাধিকাৰ বাসুদেৱ মহন্তক ফুলাম গামোচা আৰু চেলেং চাদৰৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷
বিশিষ্ট সমাজকৰ্মী নিতুমনি বৰাই আত ধৰা উন্মোচনী আনুষ্ঠানটিত শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰম পৰিচালনা সমিতিৰ বিয়ববিয়া সদস্য স্থানীয় ৰাইজৰ লগতে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলেও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : WATCH | PM Narendra Modi: ‘‘পানী আৰু তেজ একেলগে নবয়’’- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ