WATCH | Jamugurihat News : জামুগুৰিহাটৰ তৌভঙাৰ তৰাজান গাঁৱত এদিনীয়া শ্ৰীমদ্ভাগৱত পুৰাণ
জামুগুৰিহাট,১২মে’ : জামুগুৰিহাটৰ তৌভঙাৰ তৰাজান গাঁৱত এদিনীয়া শ্ৰীমদ্ভাগৱত পুৰাণ। এই উপলক্ষ দেওবাৰে পুৱাই জল যাত্ৰাৰ লগতে গাঁওখনৰ কাৰ্কী পৰিয়ালৰ হৈ এই শ্ৰী মদ্ভাগৱত পুৰাণ আয়োজন কৰে পৰিয়টিৰ অন্যতম সদস্য গনেশ কাৰ্কীয়ে ।
তৌভঙাৰ তৰাজান গাঁও নিৱাসী সৰবৰহী মহিলা সমাজকৰ্মী প্ৰয়াত টংকমায়া কাৰ্কীৰ আত্মাৰ চিৰ শান্তি কামনাৰ লগতে পৰিয়াল গাঁওবাসীৰ কল্যানৰ হকে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা উদ্দেশ্যেই এই ধৰ্মীয় কাৰ্য্যসূচী ৰূপায়ন কৰাৰ কথা সদৰি কৰিছে কাৰ্কি পৰিয়ালবৰ্গই। শ্ৰী মদ্ভাগৱত পুৰাণ ভাগৰ প্ৰৱচক হিচাবে অংশগ্ৰহণ কৰি ভক্তপ্ৰাণ ৰাইজৰ সন্মুখত ধৰ্মীয় বানীৰে কথা প্ৰবচন কৰে ধৰ্ম গুৰু হেমন্ত ভট্টৰায়ে(Jamugurihat News)৷
সন্ধিয়ালৈকে চলা কথা প্ৰবচনৰ অন্তত শ্ৰী মদ্ভাগৱত পুৰান অনুষ্ঠিত কৰা গাঁওখনত এক লাখ বন্তি প্ৰজ্বলন কৰাৰ বাবেই চৌপাশ আলোকিতহৈ বৈকুন্ঠপুৰীত পৰিণত হয় ৷ ইয়াৰ মাজতে ধৰ্মপ্ৰাণ ৰাইজে গাঁও খনত অপায় অমংগল দুৰ হোৱা আৰু সকলোৰে মংগল তথা সুখ শান্তি ঘুৰি অহাৰ কামনাৰে প্ৰাৰ্থনা জনায় ৷
লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰত অঘটন