WATCH | Jamugurihat News : জামুগুৰিহাটৰ পকামুৰা পথাৰত একেলগে বিহু নাচিলে পাঁচ হাজাৰ নাচনীয়ে
জামুগুৰিহাট,৮মে’ : জামুগুৰিহাটৰ পকামুৰা পথাৰত একেলগে দহ হাজাৰ আই মাতৃয়ে একেসময়তে দিহানাম পৰিবেশন কৰি জামুগুৰিহাটত অভিলেখ সৃষ্টি কৰাৰ এদিন পাছতে পুনৰ জামুগুৰিহাটত একেলগে পাঁচ হাজাৰ নাচনীয়ে বিহু নাচি মন্ত্ৰমুগ্ধ কৰিলে সকলোকে।
জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাস্থলী ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত বুধবাৰে সন্ধিয়া ৭বজাত ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘুৰাই একেলগে নাচিলে পাঁচ হাজাৰ নাচনীয়ে। ‘মইনা মইনা মইনামতি তোমাৰ নাম’ ‘শীৰ্ষক বিহুগীতৰ তালে তালে কঁকাৰ ভাঙি নাচিলে পাঁচ সহস্ৰাধিক নাচনীয়ে(Jamugurihat News)।
হাজাৰ হাজাৰ নাচনীৰ ভৰিৰ খোজত মৰহিলে পকামূৰা পথাৰৰ দুৱৰি। নৈশ লোকত হেলজেনৰ পোহৰত শৃংখলাবদ্ধভাৱে পাঁচ হেজাৰ নাচনীয়ে একেসময়তে নচা দৃষ্টিনন্দন পৰিবেশ চোৱাৰ বাবে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাস্থলী পকামূৰা পথাৰত সমবেত হয় হাজাৰ হাজাৰ ৰাইজো।অনুষ্ঠানটি শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক পদ্ম হাজৰিকাই।
উল্লেখ্য যে জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে উদ্যোক্তাই দিহানামৰ লগতে বিহুৰ নাচৰ ক্ষেত্ৰতো এই আকৰ্ষণীয় কাৰ্য্যসূচী হাতত লৈছে।
লগতে পঢ়ক : WATCH | Heavy Storm : টীয়কৰ বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ