WATCH | Jamugurihat News : চতিয়াৰ বালিজুৰিত মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন
জামুগুৰিহাট,৭মে’ : চতিয়াৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত কৈলাসপুৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ আয়োজন৷ এই সন্দৰ্ভত উদ্যোক্তা চাৰিগাঁও যুৱ সমাজে আজি এক সংবাদ মেলৰ জৰিয়তে দুদিনীয়া কাৰ্য্যসুচী ঘোষণা কৰে৷
সংবাদমেলত চাৰিগাঁও যুৱ সমাজৰ কাৰ্য্যকৰি সভাপতি জান শইকীয়া আৰু সম্পাদক পূৰ্ণ প্ৰধানে কয় যে অহা ১০ মেৰ বিয়লি ৫ বজাত মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰতিযোগিতা খনিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কুৰিৰো অধিক বিহু দলে অংশগ্ৰহণ কৰিব(Jamugurihat News)৷
দ্বিতীয় দিনা ১১ মে’ ৰ সন্ধিয়া আনুষ্ঠিত হ’ব লগা বাৰেবৰনীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসুচীত স্থানীয় বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক যুৱতী শিল্পী সকলে অংশগ্ৰহণ কৰি গীত নৃত্য আদি পৰিবেশন কৰিব৷
ইয়াৰ পিছত অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক সন্ধিয়াৰ মূখ্য আকৰ্ষণ হ’ব অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউতপোষ্ট খ্যাত মোহন আৰু মুকুতাৰ হাস্য ব্যংগ অভিনয়ৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী ত্ৰিদিপ গগৈৰ গীতৰ শৰাই ৷ উদ্যোক্তা সকলে দুই দিনৰ সমুহ কাৰ্য্যসুচীত জাতি ধৰ্ম বৰ্ণ নিৰ্ব্বিশেষে সকলোশ্ৰেনীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷
লগতে পঢ়ক : WATCH | Chapar News : বঙাইগাঁও জিলাৰ পঞ্চগাঁও হাইস্কুল ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ