Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ নবিল সন্মিলিত যুৱক সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন

জামুগুৰিহাট,৭মে’ : জামুগুৰিহাটৰ তৌভঙা নবিল সন্মিলিত যুৱক যুৱক সংঘৰ সৌজন্যত মঙলবাৰে ব’হাগৰ নিশা উদযাপন কৰা হয়। প্ৰথমে অনুষ্ঠিত হয় মুল সভা আৰু বটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে শিক্ষক সমাজকৰ্মী লক্ষীৰাম দাস,হৰ কান্ত দাস, আনন্দ দাস, হৰকান্ত দৈমাৰী, পুষ্প কান্ত মেচ,অজিত দাস আৰু উদযাপন সমিতিৰ উপ সভাপতি শংকৰ দাসৰ লগতে বিশিষ্ট ব্যক্তি সকলে(Jamugurihat News)।

ইয়াৰ পিছৰ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰাৰ লগতে মুখ্য আকৰ্ষণ হয় জন প্ৰিয় কন্ঠ শিল্পী দীক্ষিতা দত্তৰ গীতৰ শৰাই ৷ ইয়াৰ মাজতে স্থানীয় শিল্পী প্ৰকাশ প্ৰধানেও গীত পৰিবেশন কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটি সৰ্ব্বাতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তোলাৰ বাবে নবিল সন্মিলিত যুৱক সংঘৰ সভাপতি উত্তম দাস আৰু সম্পাদক* বিদ্যানন্দ হিৰাই সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়ক : WATCH | Panchayat Election : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন;গোৱালপাৰাৰ গান্ধী প্ৰাথমিক বিদ্যালয়ত ভোটাৰৰ দীঘলীয়া শাৰী