Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত একেলগে ১০হাজাৰ আই মাতৃয়ে পৰিৱেশন কৰিলে দিহানাম

জামুগুৰিহাট,৬মে’ : জামুগুৰিহাটত আজি একেলগে একে সময়তে ১০হাজাৰ আই মাতৃয়ে দিহানাম পৰিৱেশন কৰি গঢ়িলে অভিলেখ। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাস্থলী পকামূৰা পথাৰত সন্ধিয়া ৬ বজাত বৃহত্তৰ জামুগুৰিহাট আঞ্চলৰ প্ৰত্যেকখন গাওঁৰ পৰা আহি সমৱেত হোৱা ১০ হাজাৰ আই মাতৃয়ে একেলগে পৰিবেশন কৰে এই দিহানাম(Jamugurihat News)।

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত আৰু বৰ্ষীয়ান সমাজকৰ্মী ৰামেশ্বৰী হাজৰিকাই বন্তি প্ৰজ্বলনৰে শুভাৰাম্ভ কৰা এই দিহানামৰ শুভ উদ্ধোধন কৰে দিহানাম সমাগ্ৰী ভাগ্যশ্ৰী দেৱীয়ে ৷

অনুষ্ঠান ভাগৰ শুভাৰম্ভ কৰাৰ পাছতে ১০হাজাৰ আই মাতৃৰ ভক্তি ৰসৰ অমিয়া সুৰত বুৰ গ’ল বৃহত্তৰ জামুগুৰিহাট অঞ্চল। ধন্য হ’ল ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাস্থলী পকামূৰা পথাৰ। উল্লেখ্য যে জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে আজি উদোক্তাসকলে এই কাৰ্যসূচী গ্ৰহণ কৰে।

লগতে পঢ়ক : WATCH | Dhemaji News : চিলাপথাৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট