Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত গৰু চোৰৰ সন্ত্ৰাসত আতংকিত গঞা

জামুগুৰিহাট,৫মে’ : জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে ধলাইবিলৰ ২ নং বৰপথাৰ গাঁৱৰ খগেন শৰ্মা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা দুই যুৱক আৰু দুই নাবালকে মিলি তিনিজনীকৈ গাই গৰু চুৰি কৰি নিয়ে৷ চুৰি গৰু কেইটা নি লক্ষৰাৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাওতেই আৰক্ষীৰ জালত বন্দী হয় (Jamugurihat News)৷ জামুগুৰি আৰক্ষীয়ে গৰু সহ চাৰিটা চোৰক ধৰি আানি আৰক্ষী থানাত চলোৱা ব্যাপক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি আজি আটাইকেইটা গৰু চোৰক তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

গ্ৰেপ্তাৰ কৰা গৰু চোৰকেইটাই ক্ৰমে চাদিকুল আলি (২২) আৰু জতন পানিকা(২৩) ৰ লগতে নৱালক দুগৰাকী ক্ৰমে খালিবুৰ আলি(১৭) আৰু নিজামনি জেনা(১৬) ৷ এই আটাইকেইটা গৰু চোৰৰ ঘৰ ধলাইবিলৰ চামধৰা পানী গাঁও আৰু কাষৰে বৰমতা গাঁৱত বুলি জানিব পৰা গৈছে আনহাতে বৰ্তমানেও পলাতক অৱস্থাত থকা গৰুচোৰ চক্ৰটোৰ মূল অভিযুক্ত তথা চোৰৰ চৰ্দ্দাৰ জাফিকন (জুনু) আলি ৰ সন্ধানত জামুগুৰি আৰক্ষীয়ে তীব্ৰ অভিযাত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : WATCH | Teok News : আই পি এল জুৱাৰ ভুৱা বাতৰি পৰিৱেশনক লৈ দিহা চাহ বাগিচাত ব্যাপক প্ৰতিক্ৰিয়া