WATCH | Jamugurihat News : জামুগুৰিহাটৰ কুসুমটোলাত শিৱ মন্দিৰ চুৰি

জামুগুৰিহাট,৪মে’ : জামুগুৰিহাটৰ কুসুমটোলাৰ শুকান পুখুৰীৰ পাৰত থকা নাথ যোগী সন্মিলনীৰ শিৱ মন্দিৰত যোৱা নিশা চোৰে লুটপাত চলোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে। চোৰে মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি মন্দিৰৰ ভিতৰত থকা সোণ ৰূপৰ কেইবা জোৰা ফুলিৰ লগতে দান পাত্ৰত ভাঙি নগদ দহ হাজাৰৰো অধিক টকা লৈ উধাও হয়(Jamugurihat News)।
পুৱাৰ ভাগত মন্দিৰ কৰ্তৃপক্ষই চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ইয়াৰ পাছতে জামুগুৰি আৰক্ষীক চুৰিকাণ্ড সন্দৰ্ভত অৱগত কৰে। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰাম্ভ কৰিছে।
বিগত এবছৰো অধিক ধৰি জামুগুৰিহাটৰ বিভিন্ন স্থানত মঠ মন্দিৰৰ লগতে বিভিন্ন স্থানত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ অহা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।
লগতে পঢ়ক : WATCH | panchayat election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নামনি অসমত ব্যাপক তৎপৰতা