WATCH | Jamugurihat News : জামুগুৰিহাটত চোৰাং পেট্ৰ’ল-ডিজেলৰ ৰমৰমীয়া ব্যৱসায়
জামুগুৰিহাট,৪মে’ : জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে পেট্ৰল ডিজেলকে ধৰি চোৰাং তেল চোৰ চক্ৰ ৷ অঞ্চলটোৰ একাংশ লাইন হোটেল ,ধাৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত তেলচুৰি চক্ৰই থিতাপি লৈ এই ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷
দৈনিক ৬/৭ খনকৈ ট্ৰেংকাৰৰ পৰা অতি কৌশলৰে তেল সমুহ চুৰি কৰি বিভিন্ন স্থানত মজুত ৰাখি এই তেল পুনৰ ভেজাল কৰি বজাৰত অতি সুলভ মূল্যত বিক্ৰী কৰি আহিছে ৷
এই ভেজাল তেল দুই এক স্থানীয় তেল ডিপোত জমা কৰি গ্ৰাহক ৰাইজকো বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে ৷ বিশেষকৈ এৰোপ্লেনৰ ইন্ধন আৰু সেনা বাহিনীত চাপ্লাই কৰা পে’ট্ৰল -ডিজেলক লৈয়ো জামুগুৰিহাটত চলা এই ৰমৰমীয়া ব্যৱসায় সম্প্ৰসাৰিত হৈছে বৃহত্তৰ নদুৱাৰ অঞ্চলটোলৈ(Jamugurihat News)৷
এনে ধৰনেই ৰাসায়নিক পদাৰ্থ মিশ্ৰনৰ ভেজাল ডিজেল-পে’ট্ৰল দুচকীয়া,চাৰিচকীয়া বাহনত ভৰাই বহু গাড়ী বিকল হৈ পৰাৰো অভিযোগ তুলিছে নদুৱাৰৰ সচেতন ৰাইজে ৷
এনে চোৰাং তেল কঢ়িয়াই অনা দুখন ট্ৰেংকাৰ শনিবাৰে একাংশ যুৱকে হাতে লোটে ধৰি জামুগুৰি আৰক্ষীক গটাই দিয়া পৰিলক্ষিত হৈছে ৷ জামুগুৰি আৰক্ষীয়ে অঞ্চলটোৰ টুপিয়াৰ পৰা চোৰাং তেল কঢ়িওৱা AS-12-(E) -8941 আৰু AS-25-(0C)-7590 ট্ৰেংকাৰ দুখনৰ লগতে চালক অখিলেষ ৰায় আৰু গুণেশ্বৰ চাহুক আটক কৰি জেৰা চলাই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে চাৰিদুৱাৰ আৰক্ষীয়েও AS-01-(LC)-1950 আৰু AS-01(NC)2742 নম্বৰৰ দুখনকৈ টেংকাৰ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ সম্প্ৰতি স্থানীয় ৰাইজে তেল চুৰি চক্ৰটোক উৎখাত কৰাৰ দাবী উত্থাপন কৰিছে আৰক্ষী প্ৰশাসনক ৷
লগতে পঢ়ক : WATCH | Angoorlata Deka :ছিপাঝাৰত গীত গাই, নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকাৰ