WATCH | Jamugurihat News : জামুগুৰিহাটত উদণ্ড বনৰীয়া ম’হৰ আক্ৰমণত যুৱকৰ মৃত্যু
জামুগুৰিহাট,২৯এপ্ৰিল : জামুগুৰিহাটত উদণ্ড বনৰীয়া ম’হৰ আক্ৰমণত যুৱকৰ মৃত্যু।
জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কৰুণা চেন্টাৰৰ সমীপত বনৰীয়া মহৰ আক্ৰমণত মৃত্যু হয় যুৱকজনৰ।
অকাল মৃত্যুক সাৱতি লোৱা ৩০বছৰীয়া দুৰ্ভগীয়া যুৱকজন কৰুণা চেন্টাৰৰ কাষৰে বগৰাআতি গাঁৱৰ দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে।
যুৱকজনে পুৱাই নিজৰ গৰু পথাৰত এৰাল দিবলৈ যোৱাৰ সময়তে পথাৰত বিচৰণ কৰি থকা এটা প্ৰকাণ্ড বনৰীয়া মহে দৌৰি খেদি আহে৷
দিলদাৰ হুছেইনে ভয়ত পলাবলৈ চেষ্টা কৰিছিল যদিও বনৰীয়া মহটোৰ আক্ৰমনত বাগৰি পৰে(Jamugurihat News)৷
উদণ্ড বনৰীয়া মহটোৱে যুৱকজনৰ গুপ্তাংগ ফালি পেলোৱাৰ ফলতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ কিছু সময় চটফটাই থাকি অৱশেষত কৰুন মৃত্যুক সাৱতি লবলগীয়া হয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া মহৰ আক্ৰমণৰ বলি হৈছে আঞ্চলটোৰ বহু লোক।
জামুগুৰি আৰক্ষীয়ে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷