WATCH | Jamugurihat News : জামুগুৰিহাটৰ মংগলবৰীয়াত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশ সম্পন্ন
জামুগুৰিহাট,২০এপ্ৰিল : জামুগুৰিহাটৰ মংগলবৰীয়াত খেল পথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলাৰ সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন শনিবাৰে সন্ধিয়া সফল সামৰণি পৰে।
১৮ এপ্ৰিলৰ পুৱাৰে পৰা আৰম্ভ হোৱা বেল বিবাহ আৰু ব্ৰতবন্ধ কাৰ্য্যসূচীত অৰ্দ্ধশতাধিক কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰে ৷ নেৱাৰ সকলৰ ৰিতী নিতী পৰম্পৰা অনুসৰি তথা নেৱাৰী নীতি নিয়মেৰে সুদুৰ দাৰ্জিলিংৰ পুৰোহিতৰ দ্বাৰা অনুষ্ঠান ভাগ সম্পন্ন কৰা হয়৷
অধিবেশন খনিৰ দ্বিতীয় দিনা পুৱাৰ পৰা অনুষ্ঠিত হোৱা বিভিন্ন গীত নৃত্যৰ প্ৰতিযোগীতা সমুহৰ পিছতে অনুষ্ঠিত হয় বিশিষ্ট ব্যক্তি সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান৷বিয়লি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ সভাপতি দিলীপ প্ৰধানে( Jamugurihat News)।
অখিল ভাৰতীয় নেৱাৰ সংগঠন কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ সূৰ্য নাৰায়ণ প্ৰধান , অসম ৰাজ্যিক অখিল ভাৰতীয় নেৱাৰ সংগঠন সভাপতি লীল বাহাদুৰ প্ৰধান আৰু এন,বি নিউজৰ এগৰাকী বাৰ্তা সম্পাদক অমৰ নেৱাৰে বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰা মুকলি সভা খনৰ মূখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি নেৱাৰ সমাজৰ আৰ্থসামাজিক উন্নয়নৰ ওপৰত তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে পুষ্প ৰাজ শ্ৰেষ্ঠ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি দিলীপ গুজৰেল, গোৰ্খো উন্নয়ন পৰিষদ সদস্য ৰাজ নেৱাৰ আৰু ৰাজ্যিক সমিতিৰ মুখ্য সম্পাদক নীল কমল নেৱাৰে ৷
অধিবেশনৰ মুকলি সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ই নেৱাৰ সকলক সাজ পাৰ , খাদ্য সম্ভাৰ আৰু সাংস্কৃতিক দিশত অধিক গুৰুত্ব দি আগুৱাই যোৱাৰ আহৱান জনাই নাতিদৈৰ্ঘ্য বক্তব্য প্ৰদান কৰে ৷
অনুষ্ঠানটিত যুৱক যুৱতী সকলে নেৱাৰী গীত নৃত্য প্ৰদৰ্শন কৰি সকলোশ্ৰেনীৰ ৰাইজৰ মন মুগ্ধ কৰে৷ অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰয প্ৰধান আৰু সম্পাদক ৰাজেন নেৱাৰে দুদিনীয়া সমুহ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি অধিবেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলা সকলোশ্ৰেনীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷
লগতে পঢ়ক : WATCH | Goreswar News : আৰম্ভ হ’ল বেঙেনাআটী সত্ৰ সবাহ