Local, Vocal, Global

WATCH | Jamugurihat News : প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে সৰব নদুৱাৰ বিজেপি

জামুগুৰিহাট,১৯এপ্ৰিল : নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পঞ্চায়ত নিৰ্বাচনৰ বাৱে মনোনয়ন পত্ৰ দিবলৈ অহা কংগ্ৰেছী প্ৰাৰ্থীসকলক ভয় ভাবুকি প্ৰদানৰ লগতে গুলী ফুটাই ভাবুকি প্ৰদান কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যি অভিযোগ আনিছে তাৰ বিৰুদ্ধে আজি নদুৱাৰ সমষ্টিৰ বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ খণ্ডন কৰি ভূপেন বৰাক সকিয়নী প্ৰদান কৰে(Jamugurihat News) ৷

নদুৱাৰ সমষ্টিৰ বিজেপিৰ দক্ষিন নদুৱাৰ,উত্তৰ নদুৱাৰ,চাৰিদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুক্ষে শোণিতপুৰ জিলা বিজেপিৰ উপ সভাপতি নিতুমনি বৰাই কয়-ভূপেন বৰা মিথ্যাচাৰী নেতা,নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ দূৰৱস্থা দেখি হতাশাত ভূগি প্ৰলাপ বকিছে ভূপেন বৰাই ৷

নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটিয়েই নাই ৷ এমুঠি কংগ্ৰেছীয়ে দলটো চলাই আছে ৷ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈও তেওঁলোকৰ মানুহ নোহোৱা হ’ল ৷ এতিয়া মুখলজ্জা ঢাকিবলৈ বিভিন্ন নাটক কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছী নেতাসকল ৷ ভূপেন বৰাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ৷ সেই কাৰনেই আবুল তাবুল বকিছে ৷ সংবাদমেলখনত সাধাৰণ ৰাইজক ভূল বাখ্যাৰে বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছৰ নেতা কৰ্মী সকলক সকিয়নী প্ৰদান কৰাৰ লগতে নিজৰ দলটোৰ ক’ত কি ভূল সেইয়া শুদ্ধৰণি কৰিবলৈহে আহ্বান জনায় ৷

লগতে পঢ়ক :WATCH | Nagaon News: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা মুল অভিযুক্তক গ্ৰেপ্তাৰ