Local, Vocal, Global

WATCH | Jamugurihat News : ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ নিষিদ্ধ গাঞ্জা; আটক ৪গৰাকী মহিলা সৰবৰাহকাৰী

জামুগুৰিহাট,১২এপ্ৰিল : ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে নিষিদ্ধ গাঞ্জা। ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে ৫৯ কেজি ওজনৰ গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 2,950,000 টকা হ’ব বুলি ৰঙাপৰা ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

লামডিং চুখভী-নাহৰলগুন অভিমুখী যাত্ৰীবাহী ৰেলত চাৰি গৰাকী মহিলাই অতি গোপনে আনিছিল গাঞ্জাখিনি। পাছত আৰ পি এফৰ এটা তহলদাৰী দলে অভিযান চলাই ৰে’লখনৰ পৰা গাঞ্জাখিনিৰ সৈতে মহিলা চাৰি গৰাকীক আটক কৰিবলৈ সক্ষম হয়(Jamugurihat News)।

ৰে’লৱে সুৰক্ষা বাহিনীয়ে আটকাধীন মহিলা চাৰি গৰাকী হ’ল ক্ৰমে ওদালগুৰিৰ মনিকা বৰ্মন, বিমলা বৰ্মন, সুভদ্ৰা বৰ্মন আৰু মালতী চৌহান বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে মহিলা কেইগৰাকীক গ্ৰেপ্তাৰ কৰি জেলহাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : WATCH | AIUDF Press meet : নগাঁও জিলা এ আই ইউ ডি এফৰ সংবাদমেল