Local, Vocal, Global

Jamugurihat News:জামুগুৰিহাটৰ শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব “সীতা হৰণ বালি বধ” আৰু “কৰ্ণপৰ্ব” নাট ভাওনা

জামুগুৰিহাট,২১নৱেম্বৰ :জামুগুৰিহাটৰ শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব “সীতা হৰণ বালি বধ” আৰু “কৰ্ণপৰ্ব” নাট ভাওনা৷ ভাওনাৰ আখৰাত ব্যস্ত ভাৱৰীয়া সকল(Jamugurihat News)৷

উল্লেখ্য যে, জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত সাত দশকৰ পূৰ্বেই বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী স্বপ্নদ্ৰষ্টা আৰু দুৰদৰ্শী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা “শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰম” নামৰ ধৰ্ম্মীয় অনুষ্ঠানটিৰ এইবাৰ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে৷

এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ বৰ নামঘৰত ২৩ আৰু ২৪ নবেম্বৰ দুই নিশা অনুষ্ঠিত হ’ব “সীতা হৰণ বালি বধ” নাট ভাওনা আৰু “কৰ্ণপৰ্ব ” নাট ভাওনা৷

বিগত এমাহ ধৰি অঞ্চলটোৰ সু নিপুণ ভাৱৰীয়া সকলে চলাই আছে এই ভাওনাৰ আখৰা৷ সমূহ কাৰ্য্যসূচীত জাতি ধৰ্ম্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেনীৰ ধৰ্ম্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীমন্তশংকৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্য সকলে৷

লগতে পঢ়ক:Jamugurihat News: চতিয়াৰ চেঙামাৰীত ৩০ তম পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত