Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত আনন্দৰ জোৱাৰ। আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা

জামুগুৰিহাট,১০ফেব্ৰুৱাৰী :জামুগুৰিহাটৰ বাসুদেৱ থান নিৱাসী যুৱ কন্ঠশিল্পী আকাশদ্বীপ বাৰুতি লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা আৰ কে ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱণ যোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানত জামুগুৰিহাটৰ যুৱ কন্ঠশিল্পী গৰাকীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা(Jamugurihat News)।

২০২৪ চনৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ‘ভূত জলকীয়া’ৰ ‘ৰাজকোঁৱ’ৰ শীৰ্ষক গীতটিৰ বাবে যুৱ কন্ঠশিল্পী গৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান। প্ৰথমবাৰৰ বাবে চলচিত্ৰত গীত গায় শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বঁটা লাভ কৰি স্বাভাৱিকতে সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰে জামুগুৰিহাটৰ যুৱ কন্ঠশিল্পী গৰাকীয়ে। পুত্ৰৰ সাফল্যত আনন্দত আত্মহাৰা তেওঁৰ পিতৃ মাতৃ।

উল্লেখ্য যে, যোৱা ৬ এপিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা নিপন গোস্বামী জীৱণ যোৰা সাধনা বঁটা অনুষ্ঠানত সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আৰ কে ইউনিভাৰ্ছে ৰাজ্যৰ ২২ গৰাকী শিল্পীলৈ প্ৰদান কৰে নিপন গোস্বামী বটা।

লগতে পঢ়ক :WATCH | Panchayat Election 2025 : অভয়াপুৰীত অগপ দলত যোগদান অৰ্ধশতাধিক লোকৰ