WATCH | Jamugurihat News : শোণিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস

জামুগুৰিহাট,৯এপ্ৰিল : শোণিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস। বালিপৰাত দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা লুটি লৈ গ’ল ৮০ হাজাৰ টকা।বালিপৰাৰ সজল চৰকাৰ নামৰ ব্যৱসায়ী জনে ইউ,কো বেঙ্কৰ বালিপাৰ শাখাৰ পৰা টকাখিনি উলিয়াই এটা বেগৰ ভিতৰত ভৰাই নিজৰ মটৰচাইকেল খনত থৈছিল(Jamugurihat News)।
এনেতে মটৰচাইকেল খনৰ পৰাই চিলনী চোৰে লুটি লৈ গ’ল নগদ ৮০ হাজাৰ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱসায়ী সজল চৰকাৰে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান