WATCH | Jamugurihat News : নদুৱাৰৰ বালিজুৰিত স্বাধীনতা সংগ্ৰামী বাবু ডম্বৰ সিং গুৰুংৰ ৭৭তম পূণ্য তিথি উদযাপন
জামুগুৰিহাট,৭এপ্ৰিল : নদুৱাৰ অঞ্চলৰ বালিজুৰিৰ হাতিপতি গেটৰ মাউন্ট চিনাই ইংলিছ স্কুলত আজি সদৌ অসম গুৰুং সংঘ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সমিতি আতিথ্যত বালিজুৰি শাখা সমিতিৰ সহযোগত ভাৰতীয় স্বাধীনতা সংগ্ৰামী গোৰ্খা মহানায়ক,মহান বিভূতি বাবু ডম্বৰ সিং গুৰুংৰ ৭৭তম পূণ্য তিথি উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়(Jamugurihat News)।
এই উপলক্ষে পুৱা বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ সভাখনিত সভাপতিত্ব কৰে সদৌ অসম গুৰুং সংঘৰ সভাপতি সুনিল গুৰুঙে ৷ সদৌ অসম গুৰুং সংঘৰ মূখ্য সম্পাদক মনোজ গুৰুং সহকাৰী সম্পাদক বিনোদ গুৰুংৰ উপস্থিতিত অনুষ্ঠিত সভাত মূখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক ধ্ৰুৱ গুৰুঙে।
বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বলবীৰ গুৰুং , কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দ্বয় ভক্ত ৰাজ গুৰুং আৰু চন্দ্ৰ বাহাদুৰ গুৰুঙে ৷ গুৰুং সংঘৰ বিভিন্ন শাখা সমিতি সমুহৰ সভাপতি সম্পাদক সকলৰ লগতে মাউন্ট চেনাই ইংলিছ হাই স্কুলৰ অধ্যক্ষ ৰাতুল বসুমতাৰী আৰু অঞ্চলটোৰ বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। দিনযোৰা কাৰ্য্যসূচীৰে আয়োজিতঅনুষ্ঠানটিত যুৱতী সকলে পৰিবেশন কৰা গীত,নৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
লগতে পঢ়ক :WATCH | Bihu workshop : ছিপাঝাৰৰ বন্দনা ডান্স একাডেমীৰ বিহু আখৰাৰ সামৰণি