Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ চৈবাৰীত ধনমাই নামৰ ঘৰচীয়া হাতী নিৰুদ্দেশ

জামুগুৰিহাট,৩এপ্ৰিল : জামুগুৰিহাটৰ চৈবাৰীত ধনমাই নামৰ ঘৰচীয়া হাতী নিৰুদ্দেশ ৷

জানিব পৰা মতে, হাতীৰ মাউতে ঘৰচীয়া হাতীজনী চৈবাৰীৰ শিৱমন্দিৰৰ কাষৰ হাবিত বান্ধি থৈ গৈছিল সেই সময়তে কোনো দুষ্টচক্ৰই হাতীজনীৰ বান্ধোন খুলি দি পলায়ন কৰে ৷

আজি পুৱা মাউতে আহি বান্ধি থোৱা ঠাইত হাতীজনী নেদেখি কান্দোনত ভাঙি পৰে আৰু জামগুৰি আৰক্ষী থানাত হাতীৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে৷

জামুগুৰি আৰক্ষীয়ে ততাতৈয়াকৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু হাতীৰ সন্ধানত অভিযান চলায়(Jamugurihat News) ৷

পিছত প্ৰায় দুই কি:মি নিলগৰ শিয়ালমাৰী নামৰ ঠাই দোখৰত হাতীজনী উদ্ধাৰ হয় ৷

ঘৰচীয়া হাতীজনীৰ গৰাকী চতিয়া ঘাঁহিগাৱৰ এচ,কে আলম বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে দুষ্টচক্ৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

হাতীচোৰ দুষ্ট চক্ৰটোৱে এনেদৰে এই ঘৰচীয়া হাতী ধনমাইক কিছুদুৰ কৌশলেৰে লৈ গৈ পিছত গাড়ী উঠাই বহিৰাজ্যত নি বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : WATCH | Rongali Bihu : জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা