Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ বিশাল জনসভাত অংশগ্ৰহণ

জামুগুৰিহাট,২মাৰ্চ : জামুগুৰিহাটৰ কুসুমটোলাত অসমৰ ভিতৰতে প্ৰথমটো সমজিলা কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উন্নয়ন মুলক আঁচনিৰ কথা ঘোষণা কৰে(Jamugurihat News)৷

সেই অনুসৰি ইটাখোলা,ডিপলোঙা হৈ চতিয়া তেৱাৰী পাললৈ মুঠ বিশ কিলোমিটাৰ পথ অসম মালাৰ অধিনত নিৰ্মান কৰা, বিশ্বনাথ পানপুৰ সংযোগী ঘিলাধাৰী নদীৰ ওপৰত ১৭কোটি টকাৰে এখন RCC দলং নিৰ্মান কৰাৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰতিখন হাইস্কুললৈ আঠ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

ইয়াৰোপৰি চৌকীঘাটৰ দুইহেজাৰ বিঘা মাটি ইণ্ডাষ্ট্ৰীয়েল এলেকালৈ সম্প্ৰসাৰণ কৰা , চাৰিদুৱাৰত এখন মহাবিদ্যালয় স্থাপনৰ লগতে টুপিয়া,জামুগুৰিত একোখনকৈ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মানৰ পৰিকল্পনা গ্ৰহন কৰি থকা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত ৩জন