Local, Vocal, Global

WATCH | Jamugurihat News : ক্ৰমাৎ হেৰাই যোৱা ঘনচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ এটি পৰিয়ালে

জামুগুৰিহাট,২৬মাৰ্চ : জামুগুৰিহাটত পক্ষী প্ৰেমৰ বিৰল নিদৰ্শন ৷ ক্ৰমাৎ হেৰাই যোৱা ঘনচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ এটি পৰিয়ালে। ঘন চিৰিকাৰ বাবে নিজ গৃহতে বাঁহ তৈয়াৰ কৰি দি খাদ্য পানী যোগান ধৰি আহিছে পৰিয়ালটোৱে।

আপোনাৰ ঘৰৰ চোতালত মুখত খৰিকাৰ টুকুৰা লৈ জপিয়াই ফুৰা নতুবা অনুকৰণ কৰি ভাল পোৱা শান্তি প্ৰিয় চৰাই ঘনচিৰিকা আজি প্ৰকৃতিৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ পথত৷ প্ৰকৃতিৰ পৰিৱৰ্তনেই হওক নতুবা অন্য বহু কাৰণতে হওক এই শান্তিপ্ৰিয় চৰাইবিধ ক্ৰমাৎ বাসস্থান আৰু খেৰৰ ঘৰ নোহোৱা হোৱা বাবেই গতি কৰিছে বিলুপ্তিৰ পথত৷ ঠিক এনে সময়তে আপোনাৰ সুখ দুখ আনন্দৰ লগৰী হৈ পৰিব পৰা এই ঘনচিৰিকা বা ঘৰচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ যুৱ ব্যৱসায়ী সুনিল আগৰৱালাৰ পৰিয়ালে(Jamugurihat News)৷

ঘন চিৰিকাৰ বাবে নিজ গৃহতে চৰাইবিধৰ সুবিধা অনুযায়ী বাসস্থান তৈয়াৰ কৰি দি খাদ্য পানী আদি যোগান ধৰি আহিছে পৰিয়ালটোৱে৷

প্ৰায় ৭ বছৰকাল শতাধিক ঘনচিৰিকা চৰাই নিজ বাসগৃহৰ চিলিঙৰ ওপৰত সুৰক্ষিত ভাৱে থকাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে চৌপাশ বেৰি দি চৰাইখিনিক নিৰাপত্তাও দি আহিছে৷ যাৰ বাবে বছৰ বছৰ ধৰি ঘনচিৰিকা চৰাই বোৰক এইদৰে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে নিৰাপদ স্থান হিচাপে পৰিগণিত হোৱা আগৰৱালাৰ বাসগৃহ এতিয়া হৈ পৰিছে সততে দেখিবলৈ নোপোৱা শান্তি প্ৰিয় ঘনচিৰিকা চৰাইৰ জাকটোৰ এক নিৰাপদ বাসস্থান৷চৰাইৰ জাকটোক নিতৌ খাদ্য পানী আদি যোগাৰ কৰি দিয়া আগৰৱালা পৰিয়ালৰ এই ব্যতিক্ৰমী চিন্তা সঁচাই প্ৰশংসনীয় ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : বালিপৰা সংৰক্ষিত বনাঞ্চলত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ