Local, Vocal, Global

WATCH | Jamugurihat News : ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ বিহুমেলা কমিটিৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালা

জামুগুৰিহাট,২৩মাৰ্চ : সমাগত হেঁপাহৰ বাপতি সাহোন ব’হাগ বিহু । ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ বিহুমেলা কমিটিৰ উদ্যোগত জামুগুৰিহাটত বিহু কৰ্মশালা ।

সোমনাথ ওজাৰ নেতৃত্বত অনুষ্ঠিত বিহু কৰ্মশালাত পাচঁ শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰি পাৰ বিহুমেলা কমিটিৰ উদ্যোগত আৰু ভৰলী পৰীয়া বিহুৱা দলৰ সহযোগত জামুগুৰিহাটৰ বহাগী মেলাৰ বাকৰীত অনুষ্ঠিত হৈছে দহ দিনীয়া বিহু কৰ্মশালা(Jamugurihat News)৷

অহা ২৮ মাৰ্চত সামৰণি পৰিব লগা এই বিহু কৰ্মশালাত অঞ্চলটোৰ প্ৰায় পাচঁ শতাধিক শিশু,কিশোৰ,কিশোৰী আৰু যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ ঢোলৰ ওজা সোমনাথ বৰাৰ নেতৃত্বত এই বিহু কৰ্মশালা অনুষ্ঠিত কৰা বিষয়ে জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

লগতে পঢ়ক : WATCH | Dhemaji News : বৰদলনিৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য