WATCH | Jamugurihat News : বালিপৰা গুদামঘাট মিৰিত 132 KV টাৱাৰ লাইন নিৰ্মানৰ বিনিময়ত ক্ষতিপূৰণ নোপোৱাক লৈ উত্তপ্ত পৰিস্থিতি
জামুগুৰিহাট,২২মাৰ্চ : শোণিতপুৰৰ গুদামঘাটত 132 KV লাইনৰ টাৱাৰ বহুৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
জানিব পৰা মতে, ২০২২ চনতে গুদামঘাট মিৰি অঞ্চলৰ কেইবাজনো লোকৰ ব্যক্তিগত মাটিত ৰেলৱে বিভাগৰ দ্বাৰা বিদ্যুৎৰ টাৱাৰ নিৰ্মন কৰা হৈছিল। প্ৰত্যেকটো টাৱাৰৰ বিনিময়ত মাটিৰ গৰাকী সকলোকে ক্ষতিপূৰণ হিচাপে টকা দিয়াৰ প্ৰতিশ্ৰুতি আছিল যদিও আজিলৈকে কোনোধৰনৰ টকা নোপোৱাকলৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Jamugurihat News)।
মাটিৰ গৰাকী সকলে অভিযোগ কৰা মতে, তেওঁলোকৰ নামত ক্ষতিপূৰণ হিচাপে অহা টকা বিলাকো কোনোবা দুষ্টচক্ৰই আত্মসাৎ কৰিছে ৷ যাৰ বাবেই তেওঁলোকে টকা আদায় পোৱা নাই বুলিহে অভিযোগ কৰিছে পৰিয়ালকেইটাই। আনহাতে অতি সোনকালে তেওঁলোকৰ ক্ষতিপূৰণ সমূহ আদায় দিবলৈ দাবী জনাইছে নিৰ্মানকাৰী সংস্থাক।
লগতে পঢ়ক : WATCH | Jamugurihat News : নৱ প্ৰজন্মৰ লগত আন শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে প্ৰেৰণাৰ উৎস বিষ্ণু হাজৰিকা দাস