Local, Vocal, Global

WATCH | Jamugurihat News : নৱ প্ৰজন্মৰ লগত আন শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে প্ৰেৰণাৰ উৎস বিষ্ণু হাজৰিকা দাস

জামুগুৰিহাট,২২মাৰ্চ : এজন শাৰীৰিকভাৱে অক্ষম লোক । নৱ প্ৰজন্মৰ লগত আন শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে প্ৰেৰণাৰ উৎস বিষ্ণু হাজৰিকা দাস।

এক দুৰ্ঘটনাত পতিত হৈ ভৰিৰ ওপৰৰে নৈশ বাছৰ চকা উঠি যোৱাত বাঁও ভৰিখন অকামিলা হৈ পৰিছিল জামুগুৰিহাটৰ এজন যুৱকৰ ৷ তাৰপিছত চিকিৎসা কৰি কিছু সৱল হৈ যুৱকজন মানসিকভাৱে ভাগি পৰিছিল যদিও মনৰ অদম্য সাহস আৰু ইচ্ছাশক্তিৰ বাবেই ভালকৈ খোজ কাঢ়িব নোৱাৰা যুৱকজনে আৰম্ভ কৰিছিল ছাগলীৰ ব্যৱসায়৷

জামুগুৰিহাটৰ মাজগাঁৱৰ শাৰিৰীকভাৱে অক্ষম এই যুৱকজনৰ নাম বিষ্ণু হাজৰিকা দাস৷ ছাগলী ব্যৱসায়ৰে জীৱণ যুদ্ধত এগৰাকী যোদ্ধা হিচাপে অৱতীৰ্ণ হোৱা বিষ্ণুয়ে ব্যৱসায়ত ক্ৰমান্বয়ে লাভ কৰিলে সফলতা(Jamugurihat News)৷

সেই সফলতাৰ বাটে যেন বিষ্ণুক কোনোদিন এৰা নিদিলে৷ লাহে লাহে বিষ্ণুয়ে জামুগুৰিহাটৰ মাংস বজাৰত আৰম্ভ কৰিলে এখন ছাগলী মাংসৰ দোকান৷ বিষ্ণুৰ সেই দোকানৰ মাংস যথেষ্ট বিক্ৰী হোৱাৰ উপৰিও মাংস ক্ৰয় কৰিবলৈ আহে দূৰ দুৰণিৰ পৰাও যথেষ্ট ক্ৰেতা ৷ বৰ্তমান বিষ্ণুয়ে তেওঁৰ দোকানত ৪ গৰাকী নিবনুৱা যুৱককো সংস্থাপন দিয়াৰ উপৰিও মাংসৰ দোকানৰ ব্যৱসায় কৰি নিজে প্ৰতিষ্ঠিত হোৱাৰ লগতে পৰিয়াল পোহপাল দিও আহিছে ৷ উঠি অহা প্ৰজন্মৰ লগতে আন শাৰিৰীকভাৱে অক্ষম লোকসকলৰ বাবেও বিষ্ণু সঁচাই এক প্ৰেৰণাৰ উৎস৷ আমিও আশা কৰিছো মনৰ অদম্য হেপাহ আৰু সাহসৰে নিজক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হোৱা বিষ্ণু হাজৰিকা দাসৰ এই কৰ্ম দোপতদোপে আগুৱাই যাওক ৷

লগতে পঢ়ক : WATCH | Hatsingimari News : মানকাচৰ আৰক্ষী জালত VIP চোৰ