Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত অষ্ট শ্বহীদক সুঁৱৰিলে সদৌ জামুগুৰি ছাত্ৰ সন্থাই

জামুগুৰিহাট,২০মাৰ্চ : জামুগুৰিহাটত অষ্ট শ্বহীদক সুঁৱৰিলে সদৌ জামুগুৰি ছাত্ৰ সন্থাই। শ্বহীদ পৰিয়ালক সম্বৰ্ধন ছাত্ৰ সন্থাৰ। অৰ্ধশতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সদস্যৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী ।

১৯৮৩ চনৰ আজিৰ দিনটোতেই জামুগুৰিহাটৰ লালেটাপুত সাতজনকৈ পাহোৱাল অসমীয়াক অবৈধ বাংলাদেশীয়ে হানি-খুচি নৃশংসভাৱে হত্যা কৰিছিল ৷

বাংলাদেশীৰ সেই আক্ৰমনত শ্বহীদ হৈছিল ছাত্ৰনেতা ভূপেন ডেকা,বলীন নাথ,প্ৰসন্ন বৰুৱা,জয়ৰাম বৰুৱা,বিৰেন মিশ্ৰ,শ্যাম কুণ্ডু আৰু পলাশ ৰাজবংশী ৷

ইয়াৰোপৰি ছাত্ৰ সন্থাৰ আন এক কাৰ্যসুচীত অংশগ্ৰহণ কৰিবলৈ আহি শ্বহীদ হৈছিল বল্লভ নাথ ৷ এই আঠ গৰাকী শ্বহীদক লৈ সেই দিন ধৰি সদৌ জামুগুৰি ছাত্ৰ সন্থাই জামুগুৰিহাটত ৰাজহুৱাভাৱে উদযাপন কৰি আহিছে কেন্দ্ৰীয় শ্বহীদ দিৱস(Jamugurihat) ৷

আজি পুৱা জামুগুৰিহাটস্থিত অষ্ট শ্বহীদ বেদীস্থলীত সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাই যুটীয়া ভাবে আয়োজন কৰা অনুষ্ঠানৰ পুৱাই সদৌ জামুগুৰি ছাত্ৰ সন্হাৰ সভাপতি সমীৰন বৰুৱাই সদৌ অসম ছাত্ৰ সন্হাৰ পতাকা উত্তোলনেৰে কাৰ্য্যসুচী শুভাৰম্ভ কৰে৷ ইয়াৰ পিছৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সদস্য সকলে অংশগ্ৰহণ কৰি শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্বহীদ দিৱসৰ কাৰ্যসুচীত শ্বহীদ পৰিয়ালৰ সদস্য সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷ শ্বহীদ দিৱস উপলক্ষে পুৱাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

লগতে পঢ়ক : WATCH | Bhupen Borah : জিলাই জিলাই ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত ব্য়াপক অনিয়মৰ অভিযোগ!