Local, Vocal, Global

WATCH | Jamugurihat News : বালিপৰাত বিহু শিল্পী সংস্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

জামুগুৰিহাট,১৯মাৰ্চ : শোণিতপুৰৰ বালিপৰাত বিহু শিল্পী সংস্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন। বালিপৰাৰ কুমদা সুন্দৰী সেন একাডেমিৰ খেল পথাৰত আজিৰে পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই আধিবেশখনৰ(Jamugurihat News)।

আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰূপে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ পাছতে বাহিৰ কৰা হয় এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। এই অধিবেশনস্থলীত বিহু শিল্পী সংস্থাৰ বিষয়ববীয়াৰ লগতে বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | PMAY scheme : জাগীৰোডৰ জাগীভকতগাঁৱত হিতাধিকাৰীক PMAY ৰ গৃহ অনুমোদন পত্ৰ প্ৰদান