Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ চকী ঘাটত ছাগলী চোৰৰ সন্ত্ৰাস

জামুগুৰিহাট,১৬মাৰ্চ : জামুগুৰিহাটৰ চকীঘাট এলেকাত দীৰ্ঘদিন ধৰি অব্যাহত থকা ছাগলী চোৰৰ সন্ত্ৰাসত অতীষ্ঠ হৈ পৰিছে গঁঞা ৰাইজ। শনিবাৰে নিশা এটা ছাগলী চোৰক চকীঘাট অঞ্চলৰ গটাইমাৰী গাঁৱত এটা ছাগলী চুৰি কৰি মোনাত ভৰাই স্কুটিৰে পলাবলৈ চেষ্টা কৰোতেই মহিলা আৰু ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয়৷ কিন্তু চোৰৰ দলটোৰ মূল অভিযুক্ত ভৰলীচাপৰি গাঁৱৰ আবুবক্কৰ ছিদ্দিকে স্কুটিখন পেলাই থৈ সংগী সকলৰ সৈতে পলায়ন কৰে৷

এই সন্দৰ্ভত ৰাইজে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰাৰ লগতে পৰিত্যক্ত অৱস্থাত থকা AS-12-AL-6456 নম্বৰৰ স্কুটিখন জব্দ কৰি থানালৈ লৈ যায়(Jamugurihat News)।

ইফালে পলায়ন কৰা ছাগলী চোৰ আবুবক্কৰ ছিদ্দিকে গৈ বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি গটাইমাৰী গাঁৱৰ সৰবৰহী যুৱ সমাজকৰ্মী মোজাহিদ আলমৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰি তেওঁক শাৰিৰীক প্ৰহাৰ কৰি গুৰুত্বৰ ভাৱে আহত কৰাৰ কথাহে উল্লেখ কৰে৷

এই অভিযোগ আজি সম্পুৰ্ণৰূপেই খণ্ডন কৰি মোজাহিদ আলমে কয় যে সেই সময়ত তেওঁ ঘটনাস্থলীত উপস্থিত নাছিল৷ পিছত আহি তেওঁ এটা ছাগলী চোৰক মহিলা আৰু ৰাইজে হাতে লোটে ধৰি পহু খেদা দিয়াৰ কথাহে জানিব পাৰে৷ ছাগলী চোৰ আবুবক্কৰ ছিদ্দিকে পুৰ্ব্বতেও বহুকেইটা অপৰাধ মূলক কাৰ্য্যত জড়িত হৈ আৰক্ষীৰ জালত পৰাৰ অভিযোগ আছে৷

ইয়াৰ মাজতে চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি বুলু আহমেদ আৰু সম্পাদক গৌতম লাহনেও কয় যে নদুৱাৰ সমষ্টিৰ ভৰলীচাপৰি গাঁৱৰ আবুবক্কৰ ছিদ্দিক নামৰ যুৱক জনে দীৰ্ঘদিনৰ ধৰি অঞ্চলটোত বিভিন্ন অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ আছে৷

পূৰ্বে চকীঘাটত সৃষ্টি হোৱা এক সংঘৰ্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ মুহুৰ্ত্তত এইজন গুন্দা প্ৰকৃতিৰ যুৱক আবুবক্কৰ ছিদ্দিকে ই সেই সময়ৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল নাথক শাৰিৰিক প্ৰহাৰ কৰি গুৰুতৰ ভাবে আহত কৰাৰ লগতে নদুৱাৰ ৰাজহচক্ৰ বিষয়া (দণ্ডাধীষ) আকাশদ্বীপ কাকতিকো আক্ৰমণ কৰিছিল ৷

চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি সম্পাদক দ্বয়ে আৰু কয় যে কালিৰ ছাগলী চোৰৰ ঘটনাটো ঢাকি ৰখাৰ স্বাৰ্থতে একাংশ লোকে ৰাজনৈতিক ৰহন সানি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : WATCH | Gohpur News : কিশোৰীক যৌন নিৰ্যাতন চেষ্টা বিবাহিত পুৰুষৰ