WATCH | Jamugurihat News : জামুগুৰিহাটত দুই প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যু
জামুগুৰিহাট,১১মাৰ্চ : জামুগুৰিহাটত দুই প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যু। জামুগুৰিহাটৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটিত৷
জামুগুৰিহাটৰ কোৱামৰা গাঁৱৰ জিলা পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ তথা ২নং লালটাপু প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শান্তনু প্ৰতীম দাসৰ এক পথ দূৰ্ঘটনাত পতিত হৈ আজি অকাল মৃত্যুক সাৱতি লয় ৷
যোৱা ৮ মাৰ্চত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শান্তনু(Jamugurihat News)৷
আনহাতে জামুগুৰিহাটৰে বৰহমপুৰ গাঁৱৰ ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ শৈল্যজা বাৰুতিয়ে কালি নিশা আত্মহনৰ পথ বাচি লয়৷ শৈল্যজা বাৰুতিয়ে কি কাৰণত আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটিতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : WATCH | Doomdooma News : অৱশেষত আৰক্ষীয়ে আটক কৰিলে লম্বোধৰ মৰাণৰ হত্যাকাৰীক