Local, Vocal, Global

Jamugurihat News: ৰঙাপৰাত চাফাই কৰ্মচাৰীৰ সমস্যাৰ বুজ ল’লে ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষই

জামুগুৰিহাট,১৯ নৱেম্বৰ : ৰঙাপৰাত চাফাই কৰ্মচাৰীৰ সমস্যাৰ বুজ ল’লে ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষই৷

ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ভূগি অহা বিভিন্ন সমস্যা সমূহৰ বুজ ল’বলৈ ৰঙাপৰাত উপস্থিত হ’ল অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাছফৰ । অসম চৰকাৰে গঠন কৰা অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাছফৰৰ সৈতে সদস্যা প্ৰিয়ংকা বাছফৰ কাৰ্যালয়ত উপস্থিত হৈ হৰিজনসকলৰ সৈতে এক আলোচনাত মিলিত হৈ তেওঁলোকৰ জ্বলন্ত সমস্যা সমূহৰ বিষয়ে বুজ লয়।

ৰঙাপৰা চহৰখনত প্ৰতিদিনে চাফ-চিকুণেৰে সৌন্দৰ্য্য বৰ্দ্ধন কৰি অহা হৰিজনসকলে কিন্তু মাহেকত পাবলগীয়া প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। কেতিয়াবা ৬ মাহলৈকে দৰমহা লাভ নকৰাত হৰিজনসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বুলি অধ্যক্ষ গৰাকীক অবগত কৰে। দৰমহাৰ ক্ষেত্ৰত হৰিজনসকলৰ মাজত পৃথক পৃথক ভাৱে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ে প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰে। আনকি হৰিজনসকলৰ থাকিবলৈ কলনীৰ কোনো ব্যৱস্থা নথকাৰ বিষয়টো অবগত কৰে ৷ এই সন্দৰ্ভত তেজপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সভাত বিষয়টোৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ’ব বুলি অধ্যক্ষ বৈজনাথ বাছফৰে আশ্বাস দিয়ে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু ঢেকিয়াজুলি পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ সমস্যাৰ বুজ লোৱাৰ পাছত ৰঙাপৰাত উপস্থিত হৈছিল অধ্যক্ষ গৰাকী । ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি আয়োগ গঠন কৰিছে তাক শলাগ লৈছো হৰিজন সমাজে। কিন্তু আমি ভূগি অহা সমস্যাসমূহ সমাধান নহ’লে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে হৰিজন সকলে।

লগতে পঢ়ক :Tragic incident in Tinisukia: মনোজ প‌ইৰয়াক বিচাৰি আজিও SDRF ৰ অভিযান অব্যাহত