WATCH | Jamugurihat News : বালিপৰাৰ বুঢ়াগাঁও চাহ বাগিচা খেলপথাৰত সজাগতা সভা সম্পন্ন
জামুগুৰিহাট,৯মাৰ্চ : বালিপৰাৰ লখৰাৰ বুঢ়াগাঁও চাহবাগিচা খেলপথাৰত আজি এখন বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়। সমাজত সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মহিলা সকলৰ মাজত বিশেষভাৱে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে এই সভা আয়োজন কৰাৰ কথা জানিবলৈ দিছে উদ্যোক্তা সকলে।
অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী সন্তোষ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জিত হালৈ , গাওঁ প্ৰধান উমেশ কোচ ,লখৰা গাও প্ৰধান বুবুল ৰাজবংশী,গাওঁৰক্ষী বাহিনীৰ সভাপতি সন্তোষ তাতি আৰু লছু চেত্ৰীকে ধৰি গণ্য মাণ্য ব্যক্তি সকলে অংশগ্ৰহণ কৰি সজগতামূলক বক্তব্য প্ৰদান কৰে।
অঞ্চলটোৰ কেইবা শতাধিক মহিলা আৰু পুৰুষৰ উপস্থিতিত আয়োজিত সজাগতা মূলক সভাখনিত চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে মহিলা সকলৰ মাজত বাল্য বিবাহ, মদ ভাং আদিৰ প্ৰচলনৰ লগতে সমাজত সংঘটিত হৈ থকা নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন অনৈতিক তথা অসামজিক কাৰ্যকলাপ আদি ৰোধ কৰাৰ বিষয়ে সচেতনতা মূলক বক্তব্য প্ৰদান কৰি ৰাইজক সজাগতা বৃদ্ধিৰ বাবে আহৱান জনায়(Jamugurihat News)।
আৰক্ষী বিষয়া গৰাকীয়ে যিকোনো অসামজিক কাৰ্য্যকলাপ সন্দৰ্ভত তৎকালীন ভাবে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে আৰক্ষীক অৱগত কৰিবলৈকো ৰাইজক অনুৰোধ জনায়৷
লগতে পঢ়ক :WATCH | Dhemaji News: সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড