Local, Vocal, Global

WATCH | Jamugurihat News : ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ

জামুগুৰিহাট,৬মাৰ্চ : ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ। বালিপৰাতো প্ৰতিবাদত বহিল NHM কৰ্মচাৰী। ৩ দিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদমুখৰ NHM কৰ্মচাৰীসকল। কৰ্ম বিৰতি কাৰ্যসূচীৰে নিজৰ প্ৰাপ্য দাবী কৰ্মচাৰীসকলৰ।

বিগত তিনিদিন ধৰি এন এইচ এম কৰ্মচাৰী সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত মুখৰ হৈ পৰা দেখা গৈছে ।

প্ৰতিবাদী স্বাস্থ্য কৰ্মী সকলে সমকামৰ সম দৰমহা প্ৰদান কৰা , চাকৰিৰ নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান কৰা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণ কৰাকে বিভিন্ন দাবীৰে শ্লোগান দি বালিপৰা স্বাস্থ্যকেন্দ্ৰ উত্তাল কৰি তোলে(Jamugurihat News)।

প্ৰতিবাদী কাৰ্যসূচীত এন এইচ এমৰ চিকিৎসক, নাৰ্চকে ধৰি বিভিন্ন ক্ষেত্ৰৰ অৰ্ধ শতাধিক স্বাস্থ্য কৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক : WATCH |Jamugurihat News : জামুগুৰিহাটত ছাক’ ঈগল চৰাই উদ্ধাৰ গাঁওৰক্ষীৰ