Local, Vocal, Global

WATCH |Jamugurihat News : জামুগুৰিহাটত ছাক’ ঈগল চৰাই উদ্ধাৰ গাঁওৰক্ষীৰ

জামুগুৰিহাট,৬মাৰ্চ : জামুগুৰিহাটত দুষ্পাপ্য ছাক’ ঈগল চৰাই উদ্ধাৰ কৰে গাঁৰক্ষী বাহিনীয়ে৷

অঞ্চলটোৰ মূঢ়াদল প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পথত পৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত এই ছাক’ ঈগল চৰাইটোক এগৰাকী গাঁওৰক্ষী বাহিনীৰ সদস্যই উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক চমজি দিয়ে৷

আৰক্ষীয়ে ততাতৈয়াকৈ বনবিভাগৰ লগত যোগাযোগ কৰি আঘাতপ্ৰাপ্ত দুষ্পাপ্য ছাক’ ঈগল চৰাইটোক চমজি দিয়ে৷ বনবিভাগে চৰাইটোক পশু চিকিৎসকৰ জৰিয়তে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি সুস্থ হোৱাৰ পিছত পৰৱৰ্তী সময়ত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভিতৰত মুকলি কৰি দিব বুলি জানিবলৈ দিছে বন বিষয়া গৰাকীয়ে(Jamugurihat News)৷

লগতে পঢ়ক : WATCH | Sensational incident: পাঁচবছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা