Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ টুপিয়াত সামূহিক ভৱনৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২মাৰ্চ : জামুগুৰিহাটৰ টুপিয়াৰ শ্ৰীশ্ৰী লক্ষ্মী নৰায়ন মন্দিৰ প্ৰাংগনত নৱ নিৰ্মিত এটি সামূহিক ভৱনৰ আজি দ্বাৰ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

লক্ষ্মী নাৰয়ন মন্দিৰ আৰু গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত বিধায়ক উন্নয়ন পূঁজিৰ আৱন্তিত দুই লক্ষাধিক টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মণ কৰি উলিওৱা সামূহিক ভৱনটিৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে ৭৫ বছৰ গড়কা এই শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰত অঞ্চলটোৰ ৰাইজে আধ্যাত্মিক পৰিবেশত সকলোৰে মংগলৰ কাৰনে শ্ৰদ্ধা ভক্তিৰে সেৱা আগ বঢ়াই বিপদ আপদ দুৰ কৰিব বাবে পূঁজা অৰ্চনা কৰি আহিছে(Jamugurihat News)৷

এই শ্ৰীশ্ৰী লক্ষ্মী নাৰয়ন মন্দিৰ প্ৰাংগনত নিৰ্মণ কৰি উলিওৱা সামুহিক ভৱনত অঞ্চলটোৰ দুখীয়া দৰিদ্ৰ লোক সকলে বিবাহ আদিৰ অনুষ্ঠান সমূহ সম্পন্ন কৰাত সহায়ক হব ৷ বিধায়ক গৰাকীয়ে সামূহিক ভৱনটি সৰ্ব্বাংগ সুন্দৰ ৰূপত নিৰ্মান কৰি উলিওৱাৰ বাবে লক্ষীনাৰয়ণ মন্দিৰ আৰু গ্ৰামোন্নয়ন সমিতি খনক কৃতজ্ঞতা জ্ঞাপন কৰি বাকী কাম সম্পূৰ্ণ কৰিবলৈ বিধায়ক পুঁজিৰ পৰা পুনৰ এক লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে৷ গোৰ্খা সাংস্কৃতিক পৰিষদৰ বিষয়ববিয়া চঞ্জয় শৰ্ম্মাই আত ধৰা ভৱনৰ উন্মোচনী অনুষ্ঠানটিত স্হানীয় ধৰ্মপ্ৰাণ ৰাইজৰ লগতে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সমাজকৰ্মী ক্ৰমে নিতুমনি বৰা,বিষ্ণু দাহাল, নাৰয়ন পোখৰেল,তুলসী কাৰ্কি,অশোক দাহাল আৰু দ্ৰোণ শৰ্ম্মাকে ধৰি বিশিষ্ট ব্যক্তি সকলেও অংশগ্ৰহণ কৰে৷

লগতে পঢ়ক :WATCH | Assam Governor in North Guwahati : উত্তৰ গুৱাহাটীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য