WATCH |Jamugurihat News : চাৰিদুৱাৰত ন্যাকুম উৎসৱ উদযাপন
জামুগুৰিহাট,২৭ফেব্ৰুৱাৰী : শোণিতপুৰৰ চাৰিদুৱাৰত ন্যাকুম উৎসৱ উদযাপন কৰা হয়। চাৰিদুৱাৰৰ ফৰেষ্ট গেটস্থিত ন্যাকুম খেলপথাৰত অনুষ্ঠিত কৰা হয় ৫২ সংখ্যক ন্যাকুম উৎসৱ। নিচি জনগোষ্ঠীৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ এই ন্যাকুম প্ৰতি বছৰে ২৪ ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ পালন কৰা হয়(Jamugurihat News)।
সূৰ্য্য আৰু চন্দ্ৰ দেৱতাক বছৰটোৰ কৃষিকার্যৰ লগতে বছৰত সকলোৰে শান্তি সমবৃদ্ধিৰ বাবে উপাসনাৰ বাবে মেথোন বলি দি সন্তুষ্ট কৰা হয় এই ন্যাকুমত উৎসৱত। অৰুণাচল প্ৰদেশৰ পাছতে অসমৰ কেৱল এই চাৰিদুৱাৰতে এই উৎসৱ পালন কৰা হয় ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়।
লগতে পঢ়ক : WATCH | Wild Flowers Turning Jamugurihat : বনৰীয়া ফুলৰ এখনি বেঙুনীয়া দলিচা!